আলাবৈ ৰণ আৰু শৰাইঘাট ৰণ

Last Updated on: March 23, 2022

১৬৬৭ খ্ৰীষ্টাব্দৰ চেপ্তেম্বৰ-অক্টোবৰ মাহত সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত আহোম সকলে মোগলৰ হাতৰ পৰা গুৱাহাটীক উদ্ধাৰ কৰে । ১৬৬৭ খ্ৰীষ্টাব্দৰ ১৩ ৰজব/১৯ ডিচেম্বৰত সম্ৰাট ঔৰঙ্গজেৱে অম্বৰৰ ৰাজপুত সেনা প্ৰধান ৰামসিংহক সেনাপতি ৰূপে নিযুক্তি দি অসম আক্ৰমণ কৰিবলৈ পঠায় । সেনাপতি ৰামসিংহ ইং ১৬৬৭ খ্ৰীষ্টাব্দৰ ২৭ ডিচেম্বৰত অসম আক্ৰমণৰ অভিযান আৰম্ভ কৰে । কুন্টাঘাত হৈ যাত্ৰা আৰম্ভ কৰি ১৬৬৯ৰ এপ্ৰিলত তেওঁৰ সৈন্য বাহিনী শুৱালকুছিত আহি উপস্থিত হয় । সেনাপতি লাচিত বৰফুকনৰ নিৰ্দেশত পৰাক্ৰমী অসমীয়া সৈন্য সেনাপতি ৰাম সিংহৰ সৈন্যৰ মুখামুখি হৈ মোগল সৈন্য বাহিনীক বাট আগছি ধৰে । দুয়োটা দল মুখামুখি হোৱাৰ পিছত সংঘৰ্ষৰ সৃষ্টি হৈ হতাহতি পৰ্যন্ত হয় । ১৫৯১ শক ২০ শাওন বৃহষ্পতিবাৰে ৫ আগষ্ট ১৬৬৯ খ্ৰীষ্টাব্দ) বৰ্তমান কামৰূপ জিলাৰ দদৰাৰ ওচৰৰ পছৰীয়া গাওঁৰ “আলাবৈ” নামে ঠাইত দুয়োটা বাহিনীৰ মাজত প্ৰচণ্ড যুঁজ হয় । নিজ মাতৃভূমিৰ ৰক্ষাৰ হেতু অসমীয়া সৈন্যই মোগলৰ বিৰুদ্ধে তুমুল যুঁজ দিয়ে যদিও মোগল সৈন্যৰ ওচৰত বৃহত ক্ষতিৰ সন্মুখীন হব লগা হয় । এই যুদ্ধত ১০,০০০ (দহ হাজাৰ) অসমীয়া সৈন্যই অসমী আইৰ পূজাৰ বেদীত নিজৰ জীৱন আহুতি দিব লগা হয় । প্ৰণিধানযোগ্য যে পৰাক্ৰমী অসমীয়া সৈন্যৰ এই আত্ম বলিদান অথলে যোৱা নাছিল আৰু শেষ যুদ্ধত মোগল সেনা বাহিনীক পৰাস্ত কৰি ৰাম সিংহৰ গতি ৰোধ কৰিবলৈ সক্ষম হয় ।

এই বিষয়ে পৰৱৰ্তী সময়ত অসমীয়া সৈন্য বাহিনীৰ মনোবল দুগুণে বৃদ্ধি কৰে আৰু সাহসী কৰি তোলে । সেই “আলাবৈ” ৰ ৰণৰ দুবছৰৰ পিছত ১৬৭১ খ্ৰীষ্টাব্দত আৰম্ভ হোৱা শৰাইঘাটৰ যুদ্ধত অত্যুতসাহী অসমীয়া সৈন্যই মোগলক সম্পূৰ্ণৰূপে তচনচ কৰি লজ্জাজনক ভাৱে পৰাস্ত কৰে । শৰাইঘাটৰ যুদ্ধ প্ৰকৃতাৰ্থত অসমীয়া সৈন্যৰ প্ৰভুত্ব প্ৰতিষ্ঠাৰ হকে এখন নৌ-যুদ্ধ আছিল । মোগলৰ বিশাল নাওঁৰ বিপৰীতে আহোম সৈন্যৰ আছিল সৰু সৰু নাওঁ । তথাপি আহোম সৈন্যই সৰু সৰু নাওঁ বোৰ শাৰী বদ্ধ কৰি বিশাল ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰ সংযোগ কৰি একোখন উন্নত মানৰ দলঙৰ দৰে গঢ়ি তোলে আৰু সমস্ত সৈন্য বাহিনীক দুটা ভাগত বিভক্ত কৰি প্ৰথম টোৱে আগফালৰ আৰু আনটোৱে পিছফালৰ পৰা আক্ৰমণ আৰম্ভ কৰে । এটা সময়ত মহাবীৰ লাচিত বৰফুকন আহি যুদ্ধৰ নেতৃত্ব লবলৈ আগবাঢ়ি আহে । আহোম সৈন্য বাহিনীৰ মনত হৃত সাহস আৰু শক্তি পুনৰ দুগুণে জগাই তুলি তেওঁৰ সুদক্ষ আৰু কৌশলী নেতৃত্বত অৱশেষত এক যুগান্তকাৰী বিজয় নিশ্চিত কৰে ।