I am now accessing as a :

Government Of Assam Kamrup District

Press Release

    Press Release on 28.06.2021

    জনসংযোগ, কামৰূপ                                                                                                                  প্ৰেছ বাৰ্তা

     
    দক্ষিণ কামৰূপৰ কোভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন 
    অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ   

     

    কামৰূপ, আমিনগাঁও ২৮ জুনঃ কোভিড প্ৰতিষেধক প্ৰদানৰ বিভিন্ন দিশ বুজ লোৱাৰ অৰ্থে আজি কামৰূপ জিলাৰ দক্ষিণ অঞ্চলৰ বিভিন্ন স্থানৰ কেইবাটাও প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ দায়িত্বত থকা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে৷ এই কেন্দ্ৰকেইটা হৈছে–আজাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ৰাজধৰ বৰা উচ্ছতৰ মাধ্যমিক বিদ্যালয়, মিৰ্জা সামূহিক স্বাস্থ্য কেন্দ্ৰ, ৰামপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ, ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বকো উচ্ছ-মাধ্যমিক বিদ্যালয় প্ৰতিষেধক প্ৰদান কেন্দ্ৰ৷ 

    কেন্দ্ৰসমূহত সকলো ব্যৱস্থাপনা তদাৰক কৰাৰ লগতে প্ৰতিষেধক প্ৰদানকাৰী তথা প্ৰতিষেধক গ্ৰহণকাৰীসকলৰ লগত কথোপকথন কৰি অভিভাৱক মন্ত্ৰীগৰাকীয়ে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰাত সফল হোৱাৰ বাবে জিলা প্ৰশাসন, জিলা স্বাস্থ্য বিভাগ, আশাকৰ্মী আদিকে ধৰি এই কাৰ্য সম্পাদনৰ দায়িত্বত থকা প্ৰতিগৰাকী লোককে তেওঁ আন্তৰিক কৃতজ্ঞতা জনায়৷ জিলাখনৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিকে প্ৰতিষেধক প্ৰদান সুনিশ্চিত কৰাৰ বাবে দুৰ্গম অঞ্চলত প্ৰয়োজনত বিশেষ কেন্দ্ৰ স্থাপন কৰিবলৈও তেওঁ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে৷  

    কেন্দ্ৰ কেইটি পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে পলাশবাৰী, ছয়গাঁও আৰু বকো বিধান সভা সমষ্টিৰ বিধায়কত্ৰয় ক্ৰমে হেমাংগ ঠাকুৰীয়া, ৰেকিবুদ্দিন আহমেদ আৰু নন্দিতা দাস, জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে৷  

    উল্লেখযোগ্য যে আজি জিলাখনৰ ৩৪টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত মুঠ ২৫৭০ গৰাকী লোকক ছিটা প্ৰদান কৰা হয়৷ ইয়াকে লৈ আজিলৈকে জিলাখনত মুঠ ৩,৬৭,৩৭৭ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে৷ ইয়াৰে ৩,০৬,২১৯ গৰাকীয়ে প্ৰথম পালি আৰু ৬১,১৫৮ গৰাকীয়ে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে৷  

    এম আৰ ডি- ২৮-০৬-২০২১

     

    Press Release on 24.06.2021

    জনসংযোগ, কামৰূপ                                                                                                                প্ৰেছ বাৰ্তা
     

    কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰীৰ পৰ্যালোচনা সভা

    অহা ৪৫ দিনৰ ভিতৰত জিলাখনৰ সমস্যা সামৰি ভিজন ডকুমেণ্ট প্ৰস্তুতৰ নিৰ্দেশ
    কোভিড-১৯ৰ তথ্য সম্বলিত ৱেবছাইট covid19dashboardkamrup.in আৰু শৈক্ষিক ইউটিউব চেনেল y-kiran মুকলি

        কামৰূপ, আমিনগাঁও ২৪ জুনঃ ‘কামৰূপ জিলালৈ আহিলে মোৰ মনত এক ইতিবাচক চিন্তাৰ উন্মেষ ঘটে৷ এই জিলাত প্ৰতিটো কাম সম্পাদনৰ ক্ষেত্ৰত সকলোৱে অতি নিষ্ঠাৰে কাৰ্য নিৰ্বাহ কৰিবলৈ চেষ্টা কৰিছে৷’–আজি জিলাখনৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰি অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এইদৰে কয়৷ জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এই পৰ্যালোচনা সভাত তেওঁ আৰু কয় ‘আমি সকলো সমস্যাৰ অগ্ৰাধিকাৰ ভিত্তিত সমাধানৰ বাবে নতুনকৈ এখন ‘ভিজন ডকুমেণ্ট’ প্ৰস্তুত কৰিম আৰু অদূৰ ভৱিষ্যতত কামৰূপ জিলাক প্ৰতিটো দিশতে আদৰ্শ জিলা হিচাপে গঢ়ি তোলাৰ বাবে পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিম৷’ 

        জিলাখনৰ স্বাস্থ্য খণ্ডত বিশেষকৈ কোভিড-১৯ প্ৰতিৰোধৰ বাবে তৃণমূল পৰ্যায়লৈকে লোৱা ব্যৱস্থাৱলী সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে৷ আনহাতে ড্ৰাগ্‌ছ মুক্ত অসম গঢ়াৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা লক্ষ্যত উপনীত হ’বৰ বাবে কামৰূপ জিলাই গ্ৰহণ কৰি থকা পদক্ষেপৰ শলাগ লৈ এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে৷ এই অভিযানত কোনো ক্ষেত্ৰতে যাতে কোনেও অনুগ্ৰহ নিবিচাৰে তাৰ বাবে সংশ্লিষ্ট সকলোকে আহ্বান জনায়৷ তেতিয়াহে এই অবৈধ বেহা সম্পূৰ্ণৰূপে ৰোধ কৰিব পৰা যাব বুলিও তেওঁ কয়৷ 

    জিলাখনৰ প্ৰতিটো ক্ষেত্ৰৰ সমস্যাসমূহ উন্মোচিত কৰাৰ বাবে অহা ৪৫ দিনৰ ভিতৰত এখন ভিজন ডকুমেণ্ট প্ৰস্তুত কৰি উলিয়াবলৈ তেওঁ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে৷ এই ক্ষেত্ৰত সংশ্লিষ্ট, সাংসদ, বিধায়ক, বিভিন্ন বিভাগ, অনুষ্ঠান-প্ৰতিষ্ঠানৰ মূৰব্বী, বুদ্ধিজীৱী, সাংবাদিক আৰু সমাজ কৰ্মীসকলৰ পৰা লিখিত প্ৰতিবেদন বিচাৰিবলৈও তেওঁ আহ্বান জনায় যাতে কোনো সমস্যা অন্তৰ্ভুক্ত নোহোৱাকৈ নাথাকে৷ 

        বানপানীৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰি তেওঁ কয় যে এইবাৰ সাহায্য সামগ্ৰীৰ পৰা অনুদান বিতৰণলৈকে সকলো ক্ষেত্ৰতে উপায়ুক্তক ক্ষমতা প্ৰদান কৰা হৈছে৷ গতিকে এই ক্ষেত্ৰত এইবাৰ বিলম্ব নহয়৷ কামৰূপ জিলা প্ৰশাসনে সফলতাৰে এই কাৰ্য সম্পন্ন কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ দৃঢ়তা প্ৰকাশ কৰে৷ বৰ্তমানেও বানপানীৰ ক্ষেত্ৰত স্পৰ্শকাতৰ হৈ থকা ঠাইৰ প্ৰতিৰোধমূলক কাৰ্যসমূহ তৎকালীনভাৱে সম্পাদন কৰিবলৈ নিৰ্দেশ দি এই ক্ষেত্ৰত পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিও ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে৷ 

        সভাত উপস্থিত থকা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ তথা জিলা দিশা সমিতিৰ অধ্যক্ষা কুইন ওজা, মঙলদৈ লোসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, বিধায়কবৃন্দ ক্ৰমে ভৱেশ কলিতা, ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস, সুমন হৰিপ্ৰিয়া, দিগন্ত কলিতা আৰু হেমাংগ ঠাকুৰীয়াই দাঙি ধৰা বিভিন্ন সমস্যা আৰু সমাধানৰ ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থা সম্পৰ্কে আগবঢ়োৱা পৰামৰ্শসমূহো গুৰুত্ব সহকাৰে গ্ৰহণ কৰা হয়৷ 

        উল্লেখযোগ্য যে জিলাখনৰ কোভিড সম্পৰ্কীয় সম্পূৰ্ণ তথ্য ৰাইজে সহজে লাভ কৰাৰ অৰ্থে আজিৰ সভাত covid19 dashboardkamrup.in শীৰ্ষক ৱেবছাইট আৰু কামৰূপ সমগ্ৰ শিক্ষাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে  y-kiran শীৰ্ষক এটা Youtube channel মুকলি কৰা হয়৷   

        পৰ্যালোচনা সভাৰ লগতে অনুষ্ঠিত হোৱা জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতি চমুকৈ দিশাৰ সভাখনত সভাপতিত্ব কৰি সমিতিৰ অধ্যক্ষা তথা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই মহাত্মা গান্ধী এনৰেগা, পিএমএৱাই জি, জল জীৱন মিছন, স্বচ্চ ভাৰত অভিযান, প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা, সাংসদ আদৰ্শ গ্ৰাম যোজনা, পি এম কিষাণ, অসম দৰ্শন, অসম মালাকে ধৰি শিক্ষা, সমাজ কল্যাণ আদি সকলো বিভাগৰ আঁচনিসমূহ সমপৰ্কত বিস্তাৰিতভাৱে পৰ্যালোচনা কৰে৷  

        সভাত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে সমগ্ৰ আঁচনি সম্পৰ্কত বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷

     

    আজিৰ সভাত জিলাখনৰ অভিভাৱক সচিব ডঃ কে কে দ্বিবেদীও উপস্থিত থাকি বিভিন্ন পৰামৰ্শ আগবঢ়ায়৷
     

    সভাত দিশাৰ সদস্যসকলৰ উপৰি জিলা আৰক্ষী অধীক্ষক আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে৷      

     

    এমআৰডি/২৪-০৬-২০২১

     

     

    Press Release on 22.06.2021

    জনসংযোগ, কামৰূপ                                                                                             প্ৰেছ বাৰ্তা

     

    কামৰূপ জিলাৰ কোভিড প্ৰতিষেধক প্ৰদান মহা অভিযানৰ বুজ ল’লে 

    অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে   

     

    কামৰূপ, আমিনগাঁও ২২ জুনঃ কামৰূপ জিলাত কোভিড-১৯ প্ৰতিষেধক প্ৰদান মহা অভিযানৰ আজি দ্বিতীয় দিনা জিলাখনৰ বিভিন্ন স্থানৰ কেইবাটাও প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ দায়িত্বত থকা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে৷ কেন্দ্ৰীয় চৰকাৰে সামগ্ৰিকভাৱে অসমলৈ নিৰ্ধাৰণ কৰি দিয়া প্ৰতিদিনৰ ৩ লাখ ছিটা প্ৰদানৰ লক্ষ্য পূৰণৰ অৰ্থে কামৰূপ জিলাত প্ৰতিদিনে প্ৰদান কৰিবলগীয়া ছিটাৰ সংখ্যা আছিল দহ হাজাৰ৷ কালি এই অভিযানৰ প্ৰথমটো দিনত এই সংখ্যা অতিক্ৰম কৰি জিলাখনত অভিলেখসংখ্যক ১৫ হাজাৰ পালি প্ৰতিষেধক প্ৰদান কৰাত অভিভাৱক মন্ত্ৰী পাটোৱাৰীয়ে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰাত সফল হোৱাৰ বাবে জিলা প্ৰশাসন, জিলা স্বাস্থ্য বিভাগ, আশাকৰ্মী আদিকে ধৰি এই কাৰ্য সম্পাদনৰ দায়িত্বত থকা প্ৰতিগৰাকী লোককে তেওঁ আন্তৰিক কৃতজ্ঞতা জনায়৷ তেওঁ কয় যে জনসাধাৰণেও প্ৰতিষেধক গ্ৰহণ কৰাৰ ক্ষেত্ৰত দেখুওৱা বিপুল সঁহাৰিয়ে কোভিড প্ৰতিৰোধৰ প্ৰতি তেওঁলোক সজাগ হোৱাটোকেই সূচায়৷

     

    উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে আজি জিলাখনৰ ৫টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে৷ কেন্দ্ৰ কেইটি হ’ল ক্ৰমে আমিনগাঁৱৰ শৰাইঘাট উচ্চ-মাধ্যমিক বিদ্যালয়, শুৱালকুছিৰ গোপাল শাস্ত্ৰি প্ৰাথমিক বিদ্যালয়, হাজোৰ কৈবৰ্ততোলা প্ৰাথমিক বিদ্যালয়, কমলপুৰৰ কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৰঙিয়াৰ ৰঙিয়া উচ্চতৰ-মাধ্যমিক বিদ্যালয় প্ৰতিষেধক প্ৰদান কেন্দ্ৰ৷

     

    কেন্দ্ৰ কেইটি পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে স্থানীয় বিধায়কত্ৰয় ক্ৰমে সুমন হৰিপ্ৰিয়া, দিগন্ত কলিতা আৰু ভৱেশ কলিতা, জিলাখনৰ অভিভাৱক বিষয়া, প্ৰধান সচিব কে কে দ্বিবেদী, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কাৰ্তিক এন আৰু জিলা প্ৰশাসনৰ অন্যান্য বিষয়াবৰ্গ উপস্থিত থাকে৷ 

     

    কেন্দ্ৰসমূহ পৰিদৰ্শন কালত প্ৰতিষেধক প্ৰদানৰ বাবে লোৱা ব্যৱস্থাৱলীসমূহত সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে৷ জিৰণি কক্ষ, ছিটা প্ৰদান কক্ষ সুপৰিকল্পিতভাৱে স্থাপন কৰাৰ লগতে অন্যান্য কোভিড প্ৰট’কলসমূহ বজাই ৰাখিবলৈ যত্ন কৰাৰ বাবে তেওঁ সংশ্লিষ্ট সকলোৰে শলাগ লয়৷ আজিও নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি আগন্তুক দিনকেইটাত কেন্দ্ৰসমূহত সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে অন্যান্য কোভিড নীতি-নিয়মসমূহো বাধ্যতামূলকভাৱে মানি  চলাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ তেওঁ কয় যে অদৃশ্য শতৰু ক’ৰনা ভাইৰাছক প্ৰতিহত কৰি কোভিডৰ-১৯ ৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ অৰ্থে মুখ্যমন্ত্ৰীগৰাকীয়ে সমুখৰ পৰা নেতৃত্ব দি সকলোকে জড়িত কৰি যিদৰে আগবাঢ়িছে তাত সমাজৰ সকলো শ্ৰেণীৰ লোকে সঁহাৰি জনাইছে আৰু আগন্তুক দিনত এই সমূহীয়া প্ৰচেষ্টাৰে অসম কোভিড মুক্ত হ’ব বুলি তেওঁ কয়৷ 

     

    এমআৰডি/২২-০৬-২০২১

Press Release